পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৯ ]


খোৱা নাই নে? ইয়াকে বোলে খাই অশলাগ কৰা। আমাৰ। তিৰোতাক এতিয়া কোৰ্ম্মা কট্‌লেট শিকিবলৈ কৰিম খামচামাৰ হাতত পেলাই দিব নোৱাৰো। ৰাজখোৱাই আমাৰ পিঠাও ভাল নাপাই। তেখেতক খীৰমোহন চন্দ্ৰপুলী লগা হৈছে।। আমি হল আমাৰ ফেনীৰ সোৱাদ পাহৰিব নোৱাৰো। ফেনীৰ আগত বগুৱা খাৰমোহন কি? ৰাজখোৰা ডাঙ্গৰীয়াই আমাৰ তিৰোতা বিলাকক কি কৰিব দিয়ে মই হলে বুজিব পৰা নাই।

 এই কেই আষাৰ কথা কৈ বৰা ডাঙ্গৰীয়া বহিল। তেওঁৰ পাচত কেও নুঠা দেখি সভাপতি ডাঙ্গৰীয়া থিয় হল আৰু কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াৰ কথা কেই আষাৰ মোৰ বিবেচনাত শলাগিব লগীয়া। আমাৰ তিৰোতা বিলাক যে কোনো বিষয়তে আন আন সভ্য দেশৰ তিৰোতাৰ যুৰীয়া নহয় তাক মিছা বুলিবলৈ টান। বৰা ডাঙ্গৰীয়াই ৰাজখোৱাৰ কথা কেই আষাৰৰ মৰ্ম্ম ভালকৈ বুজা নাই। ৰাজখোৱাই আমাৰ তিৰোতা বিলাকক বিবী কৰিবলৈ নকয়, তেওঁবিলাকক শিক্ষা দিবলৈহে কৈছে। তিৰোতা বিলাকে যাতে ভালকৈ গৃহস্থালি চলাব জনা হয় তাৰে কাৰো বাৰ কৰিবলৈহে ৰাজখোৱাই কয়। আমাৰ তিৰোতাই যে একো নাজানে ই নিশ্চয় কথা। তিৰী নায়কীয়া ঘৰৰ যে অধোগতি হয় এই কথা আমি সদাই দেখিবলৈ পাওঁ। আমাৰ তিৰোতা আন দেশৰ তিৰোতাৰ নিচিনা শিক্ষিত আৰু জনা বুজা হলে কেতিয়াও এনেকুৱা নহল হেঁতেন। আজি আৰু