পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]


ফঁকৰা পটন্তৰৰো সোঁত বয়। তেও তৰ্ক শাস্ত্ৰতো বিচক্ষণ নিজে দোষ কৰি ঢাকিবলৈ বা গিৰিয়েকৰ গাত দিবলৈ যেতিয়া গিৰিয়েকেৰে সৈতে তৰ্ক পাতে, তেতিয়া দেখিলে, তেওঁ যে পঢ়িব নাজানে ই কথা কোনে কব পাৰে? অসমীয়া তিৰোতাৰ ভিতৰত দুই চাৰি জনী বৰ চোকা ৰকমৰ কবিও পোৱা যায়।। তেওঁলোকে আকাশৰ তৰা আৰু পাতালৰ বাসুকীক যোৰাই, বা বিয়াত দৰা কন্যাৰ, আৰু হোমৰ বাপু দেউৰ ধেমেলিয়া নাম থৈ নিমিষতে সুললিত গীত ৰচিব পাৰে। লিখিব নাজানে দেখি বাতৰি কাকতখন চলাব নোৱাৰে হয়, কিন্তু সেই বুলি তেওঁলোকে কোনো কথাৰ বাতৰি নোপোৱাকৈ নাথাকে। উজনিত টিলিকি মাৰিলে নামনিত আগেয়ে বুজ পায়। চুবুৰিৰ ভালমন্দ নিতৌ দুপৰীয়া মাৰলত বখ্যা ব্যাখ্যি হয়।। একোজনী বাতৰি যোগোৱাত ইমান পাৰ্গত যে মাইকীৰ সমাজত তেওঁ আসাম গেজেট উপাধি পায়, আৰু সকলোৰে মান সৎকাৰৰ পাত্ৰী হয়।। এওঁলোকৰ বিদ্যা ইমান বিলাক, কিন্তু একাধলিৰ পোন্ধৰ পয়চা খৰচ গলে পেৰাত কি থাকিল, তাক সুধিলে আথাউনি সাগৰত পৰে। ( চাপৰি ) তেওঁলোকে এনে বিধৰ কথা শিকাটো মাইকীৰ পক্ষে যুগুত নহয় বুলি। কয়। তেওঁলোকৰ বিবেচনাত মাইকী হলেই আজলী আৰু আঁকৰী হব লাগে।। ৰূপটকাৰ পইচা কিমান হয় মই না- জানো এইবুলি তেওঁলোকে বৰাই কৰে; আৰু যি জনীয়ে জানে তেওঁক সাত ঘাটৰ চেঙ্গেলী বুলি নিন্দা কৰে। (চাপৰি) মোৰ এই কেই আষাৰ কথাৰ পৰা, অসমৰ কোনো তিৰোতাই