পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২২ ]


মোৰ আলোচনাৰ বিষয়টি যেনে লাগতিয়াল তেনে দীঘল। কিন্তু তাৰ সৰহভাগ কথা সিবাৰেই কোৱা হৈছে। অসমীয়া মাইকীয়ে কি আলাপ কৰে, কি মেল কৰে, আৰু কি কাম কৰে এটাইবিলাক বিশেষকৈ বৰ্ণোৱা হৈছে। তেওঁলোকৰ ৰান্ধন-বাঢ়নৰ নিয়ম কেনে তাকো কোৱা হৈছে, আৰু শেষত তেওঁলোকৰ হাতৰ চিৰা পিঠা পায়স আদি মিষ্টান্ন খুৰাই আপোনালোকক বিদায় দিয়া হৈছিল। ( চাপৰি ) এতেকে আমাৰ তিৰোতাই কি প্ৰণালীত আলাপ কৰে; আৰু তেওঁ- লোক ৰান্ধন-বাঢ়নত, বা পিঠা পৰমান্ন কৰাত কিমান চতুৰ; তাৰ ভালকৈ সম্ভেদ পাইছে (চাপৰি ) ইয়াৰ বাজে মোৰ আৰু যি বক্তব্য আছে তাক আজি সংক্ষেপে নিবেদন কৰি বিষয়টি সামৰিবৰ মনস্থ কৰিছোঁ।

 আপোনালোকে অৱশ্যে জানে যে আন আন সভ্য দেশৰ তিৰোতা বিলাকে লিখা পঢ়া শিকে, কিছুমানে বিশ্ববিদ্যালয় জয় কৰি বি, এ, এম এৰ ধ্বজা উৰায়, সভা সমিতিত উপস্থিত হৈ সাৰুৱা বক্তৃতা কৰে, গধুৰ পুথি লিখে, আৰু কিছুমানে বাতৰি কাকতো চলায়। কিন্তু আমাৰ দেশত তেনে কথা ন ভূত ন শ্ৰুত; হোলোঙ্গাৰে কাণ খজুৱাৰ নিচিনা অদ্ভুত। আমাৰ তিৰোতাৰ সৰহ ভাগৰেই কখৰ লগত চিনাকি নাই। কিন্তু সেই বুলি তেওঁ বক্তৃতা কৰাত নিচেই অপৈণত বুলি নাভাবিব। এখন দন্দ লগাই দিলে তেওঁৰ মুখৰ পৰা সুমধুৰ বাক্যৰ লালী নিছিগা হয়। দন্দত তেওৰ ভাষাৰ লালীত্য আৰু শব্দৰ মাধুৰ্য্য দেখিলে কালিদাসেও বিস্ময় মানে, তদুৰপ