পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৭]

ডিঙিতো কটাৰী দিব পাৰে, আৰু আই বোপাইকো ঘৰৰ পৰা উলিয়াই খেদিব পাৰে। আচল কথা, এইবিধ মানুহৰ ঘৈনীয়েই জীৱনৰ নায়ক, ঘৈনীয়ে নাকী জৰীত ধৰি যেনিয়ে নিয়ে তেনিয়ে যায়। সি যেইবা নহওক, ঘৈনী যে গৃহস্থালিৰ প্ৰধান নাযক ই ধুৰুব কথা। পিচে সেই বৈনী যদি মূৰ্খ হয় তেনেহলে ঘৰখনৰ গতি কি হব পাৰে, আৰু তাৰ লৰা ছোৱালী, বেটী বোৱাৰী,আৰু লগুৱা ভণ্ডাৰীৰ স্বভাৱ চৰিত্ৰ কেনে হব পাৰে, তাক আপোনালোকে ভাবি চাওক। আজিৰ বোবাৰী কালিৰ ঘৈনী, আৰু আজিৰ লৰা কালিৰ ডাঙ্গৰীয়া। ইহঁতেই গৈ ভবিষ্যত সমাজৰ প্ৰধান নায়ক নায়িকা হব। এই নিমিত্তে জ্ঞানীলোকে কয় যে, যি দেশৰ স্ত্ৰীজাতিৰ শিক্ষা নাই, সেই দেশে পৃথিৱীত উন্নতি কৰিব নোৱাৰে। ( চাপৰি ) এই কথা আষাৰ অসাৰুবা বুলি ভাবা উচিত নহয়॥ পৃথিবীৰ দৃষ্টান্তলৈ চালেই ইয়াৰ প্ৰতুল প্ৰমাণ পোৱা যায়। পৃথিবীৰ উন্নত দেশ বোৰলৈ এবাৰ ডিঙ্গি মেলি চাওক চোন। তাৰ তিৰোতা বিলাক যেনে দেখে, আমাৰ বিলাকো তেনে দেখেনে, কিবা প্ৰভেদ দেখে? সেই বিলাক তিৰোতাই যেনেকৈ দিন কটায়, আমাৰ বিলাকেও তেনেকৈ কটায়নে? অসমীয়া এজন ডাঙ্গৰ মানুহৰ মাৰলত চাৰি দাঁঁড় মন বেলি বহিলেই আমাৰ তিৰোতা বিলাক কি দৰৰ মানুহ তাৰ সম্ভেদ পোৱা যায়। দুপৰীয়া ডাঙ্গৰীয়া ওলাই গলনে, বৰুৱাণী, ফুকননী, ৰাজখোৱানী, মজিন্দাৰণী, ভূঞানী, বৰাণী, আদি কৰি চুবুৰিত যিমান নী আছে এটাই বিলাক গোট খায়। তদুপৰি মঙ্গলতী বাই, ভকতনী বাই, নামতী বাই ’ আদি বাই বিলাকো