পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৫]

দি কলে:— “সিদিনা ৰাজখোৱা ডাঙ্গৰীয়াই আজিৰ সভাত স্ত্ৰী-শিক্ষা সম্বন্ধে বক্তৃতা কৰিবলৈ গাত লৈছিল, আজি সেই বক্তৃতাটি দি কেন্দ্ৰসভাৰ সভ্যমণ্ডলীৰ তৃপ্তিসাধন কৰক।”

 ৰাজখোৱা ডাঙ্গৰীয়া ডাঙ্গৰ ঘৰৰ মানুহ হলেও তেখেতৰ বৰ্ত্তমান অৱস্থা ভাল নহয়॥ আগেয়ে তেখেতৰ অৱস্থা ৰৰৈয়া। আছিল, কিন্তু দৈবৰ ফেৰত আগৰ যি আছিল সকলোগল। তেখেত আনক চাটু নকৰা মানুহ, সেই দেখি চৰকাৰৰ চাকৰীও কৰিব নোৱাৰিলে॥ এবাৰ আঢ়ৈকুৰি ৰূপৰ এটা মোট পাইছিল, পিচে এদিন চাহাবক কিবা কাকত দেখুৱাবলৈ যাওঁতে, চাহাবে হুনু কিবা টান কথা কলে। সেই দেখি তেখেতে চাহাবৰ লগত দন্দ কৰি সেই দিনাই চাকৰী ইস্তফা দি আহিল। সেই অৱধি তেখেতে নিজৰ হাতে কোচে যি আছিল তাকে চলাই পেটে-ভাতে খাই আছে। ৰাজখোৱা কিন্তু লিখা পঢ়াত চোকা, আৰু তেখেত সকলো বিষয়ত লায়ক বুলি নাম আছিল। গভৰ্ণমেন্টলৈ কোনো মিনতিপত্ৰ পঠাব লগীয়া হলে, মানুহে তেখেতৰ হতুৱাই লিখাইছিল। ৰাজখোৱাই দেশৰ অৱস্থাৰ ফালেও সদায় চকু ৰাখিছিল। সভাপতি অনুৰোধ কৰি বহিলত ৰাজখোৱা ডাঙ্গৰীয়া থিয় হল, আৰু দুয়োখন হাত কঁকালত দি পোন হৈ বুকু ফিন্দাই কবলৈ ধৰিলে —"সমজুৱা ডাঙ্গৰীয়া সকল! শাস্ত্ৰত কয় যে তিৰোতা গৃহৰ লক্ষ্মী, স্ত্ৰী গৃহস্থালীৰ কেন্দ্ৰ। হয়, সজ কথা তিৰোতা ঘৰৰ লক্ষ্মীও হব পাৰে, কেন্দ্ৰও হব পাৰে, কিন্তু তিৰোতা যে ঘৰোৱাহৰ অধ্যাপক (চাপৰি) ইয়াত তিলমাত্ৰও সন্দেহ নাই। তিৰোতা যেতিয়া ঘৰৰ ঘৈণী হৈ উঠে, তেতিয়া