দ্বিতীয় অধিবেশন।
বিষয়—অসমীয়া ন বোৱাৰী।
সম্প্ৰতি কেন্দ্ৰসভাৰ দ্বিতীয় অধিবেশন হৈ গল। প্ৰথম দিনৰ সভাত বুঢ়া বিলাকৰ উৎসাহ দেখি দুনাই সভা চাবলৈ আমাৰ মন উত্ৰাৱল হৈ আছিল। সেই দিনা সভা আকৌ বহিব বুলি শুনি আমি আগেয়ে এডোখৰ ঠাই লৈ বহি আছিলোঁ। সেই দিনৰ বক্তৃতাৰ বিষয় আছিল অসমীয়া ন বোৱাৰী। বিষয়টি আপুৰুগীয়া। আমি আগেয়ে কোনো সভাত এনেকুৱা বিষয়ৰ বক্তৃতা শুনা নাছিলোঁ। আন বিলাক মানুহেও বোধকৰোঁ শুনা নাছিল। কাৰণ সেই দিনা সভাঘৰত মানুহ নধৰা হৈছিল। কোনোৱে বহি, কোনোৱে থিয় দি, কোনোৱে কান্ধত উঠি কোনোৱে চালত উঠি, বক্তৃতা শুনিছিল। আমি বুদ্ধিয়ক মানুহ দেখিহে আগধৰি গৈ কথমপি বহিবলৈ ঠাই এডুখৰি পাইছিলোঁ। সভা বহে তিনি বজাত, কিন্তু সভাপতি পলমে অহাত সেই দিনা চাৰি বজাতহে সভাৰ কাৰ্য্য আৰম্ভ হৈছিল। সভাপতি ডাঙ্গৰীয়া আহিয়েই পোনে পোনে সভা লগাই দিলে, আৰু সংক্ষেপ কৰি কলে,-ফুকন ডাঙ্গৰীয়াই যে আজিৰ সভাত বক্তৃতা দিম বুলি সিদিনা গাত লৈছিল, সেই বক্তৃতা শুনিবলৈ আমি সকলোৱ আগ্ৰহৰে গোট খাইছোঁ। তেখেতে যেন বস্তৃতা দি আমাৰ হাবিয়াহ পূৰণ কৰে।