পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
কূৰ্ম্মৱলী-যুদ্ধ

নৃপতিৰ কথা শুনিয়োক নিৰন্তৰ।
কূৰ্ম্মৱলীৰাজ সমে কৰিলা সমৰ॥৩৪০
অনেক কৰিলা দুয়ো বাণ বৰিষণ।
কূৰ্ম্মৱলী হানিলন্ত মাৰুতৰ বাণ॥
পৰম আক্ৰোশে নৃপতিক লাগ পাই।
ৰথ সমে তাহাঙ্ক নিলেক উৰুৱাই॥৩৪১
নজানোহো ভৈলা কিবা ৰাজাৰ অৱস্থা।
শুনিয়োক কহোঁ মই অনুপম কথা॥
সসৈন্যে সহিতে যাই আপোনাৰ ৰাজ।
আলচ কৰিয়া পাছে চিন্তিবোহো কায॥৩৪২
হেন শুনি সবাৰ হৰিষ ভৈলা মন।
ভাল বুলি সবেও উঠিল তেতিক্ষণ॥
হয় হস্তী পদাতি আছিল যত যত।
হস্তিনাপুৰক লাগি চলিলা সমস্ত॥৩৪৩
ঋষিয়ে বোলন্ত কথা শুনা মহাৰাজ।
দুৰ্য্যোধন নৃপতিৰ যেন ভৈলা কায॥
কতো বেলি চেতন লভিলা মহাবীৰ।
মহাভয়ে কম্পে ৰাজা গাৱ নহে স্থিৰ॥৩৪৪