পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
কূৰ্ম্মৱলী-যুদ্ধ।

উত্তৰ দিশোক  শিৰ গোট কৰি
 ভৈলা দেবী অচেতন॥
কূৰ্ম্মঠেৰ সেনা  পৰম বিহ্বল
 আছন্ত সবে আকলি।
দিব্য বিমানত  চলি মহোদয়া
 স্বৰ্গলোকে গৈলা চলি॥৩১৯
কালভদ্ৰ বীৰে  শীঘ্ৰ কৰি যাই
 কলসে ঢালিলা ঘৃত।
ব্ৰাহ্মণ সকলে  মুখাগ্নি কৰয়
 জ্বলাই দিলা অগনিত॥
আকাশ ঢাকিয়া  অগনি উধাই
 দেখি অতি ভয়ঙ্কৰ।
নিমিষেক মানে  ৰাজ মহিষীৰ
 দহিলন্ত কলেৱৰ॥৩২০
প্ৰেত-কাৰ্য্য যত  কৰিলা সমস্ত
 কালভদ্ৰ মহাৱলী।
বহিনীৰ কৰ্ম্ম  সসাজ কৰিয়া
 দিলা পিণ্ড জলাঞ্জলি॥