পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
কূৰ্ম্মৱলী-যুদ্ধ৷

নৃপতিৰ যত  নিয়ম বিচাৰ
 সমস্তে শিখালো তোক।
প্ৰজাক অন্যায়   কৰি নিদিবা
 বুলিবাহা বাধাবাক॥
মাগন্তা জনক   দিবা ধন বিত্ত
 ব্ৰাহ্মণক দিবা দান।
স্বদেশী বিদেশী   কৃষ্ণভক্ত যত
 সবাকে কৰা সম্মান॥৩১৩
মোহোৰ মনত   আছিলেক যিবা
 সমস্তে কহিলো তোক।
বিলম্ব নকৰ   শীঘ্ৰে উঠিয়োক
 সত্বৰে পঠাৱা মোক॥

 

সত্যৱতীৰ সহমৰণ৷

 

শুনি কালভদ্ৰে   গাঙ্গেয় সহিতে
 গৈলা সৰোবৰ তীৰ।