পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কূৰ্ম্মৱলী-যুদ্ধ৷

কৰিছোঁ প্ৰতিজ্ঞা  স্বামীৰ সহিতে
 যাইবো দিয়া অনুমতি॥৩১০
আকে জানি ভূমি  মোৰ পুত্ৰ সমে
 এতিক্ষণে হুয়ো ৰাজা।
মোৰ বাক্যচয়  নকৰিবা ভঙ্গ
 স্বধৰ্ম্মে পালিবা প্ৰজা॥
সন্তক পালিবা  দুষ্টক দণ্ডিবা
 শাস্ত্ৰৰ এহি নিয়ম।
আপোন পৰক  একোকে নচাহি
 সবাকে কৰিবা সম॥৩১১
চাতুকাৰ বাক্য  মনে নধৰিবা
 আপুনি চাবা বিচাৰি।
দোষ গুণ দেখি  কৰিবাহা দণ্ড
 পালিবাহা নৰ নাৰী॥
পঞ্চ বৰিষৰ  অবোধ ছাৱাল
 সম্পিলো ভোঁহোৰ ঠাই।
পুত্ৰৱতে বাপু  কৰিবা পালন
 ৰাজাৰ গুণক চাই॥৩১২