এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মৱলী-যুদ্ধ৷
ক্ষণে ক্ষণে উঠি পৰয় মাটিত
সাক্ষাত যেন বাউল॥
সেৱকিনী যত আছয় লগত
তাসম্বাৰ শোকানল।
আৰ্ত্তৰাৱে সবে কৰন্ত ক্ৰন্দন
সবাৰে মন বিকল॥ ৩০২
ভূমিত পৰিয়া কৰয় ক্ৰন্দন
মোক্ষৰাজ পটেশ্বৰী৷
কতো সেৱকিনী কৰন্ত ৰোদন
আঙ্কোৱালি তুলি-ধৰি॥
সেহি সময়ত আপোন পুত্ৰক
দেখিলন্ত দেবী পাছে।
ভূমিত পৰিয়া বাগৰি কান্দিয়া
শোকানলে পৰি আছে॥ ৩০৩
পঞ্চ বৎসৰৰ পৰম সুন্দৰ
উপমাৰ নাহি ঠাই।
আৰ্ত্তৰাৱে দেবী কান্দিবে লাগিলা
পুত্ৰৰ মুখক চাই॥
৬