পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
কুৰ্ম্মৱলী-যুদ্ধ

যাক যৈত মই কৰিলোঁহো দণ্ড
 তাৰ প্ৰতিকাৰ নাই।
হেন প্ৰাণ প্ৰভু কৈক গৈলা এৰি
 কাহাক থাকিম চাই॥
মই কুলক্ষণী পাপী অভাগিনী
 অহিতে থাকিলো পৰি।
সুখৰ বিধাতা প্ৰভু প্ৰাণ নাথ
 কৈক গৈলা মোক এৰি॥৩০০
তুমি বিনে মোৰ নৰহে পৰাণ
 শৰীৰ কৰে দগধ।
এহিবুলি দেবী ভৈলা বিমূৰ্চ্ছিত
 পৰি ভৈলা নিশৱদ॥
কতো বেলি মানে লভিলা চেতন
 ভূমিত বসিলা উঠি।
দুই হাতে ধৰি মহাশোক কৰি
 হিয়াত হানয় মুষ্টি॥৩০১
ঢাকুৰে কপাল কৰে তালাফাল
 কেশ ভৈলা আল জাল।