এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
কূৰ্ম্মৱলী-যুদ্ধ।
ব্ৰহ্মাৰ শকতি পাত ভূমিত পেলাই।
অতি মহাবেগে নৃপতিক খেদি যায়॥২৭৭
কূৰ্ম্মৱলী নৃপতিৰ হত ভৈলা বুদ্ধি।
প্ৰচণ্ড বতাহে ৰাজা আছে চক্ষুমুদি॥
বিমঙ্গল কৰিয়া মাৰুত উৰুৱাৱে।
বিস্ময়ে থাকিলা ৰাজা ব্যাকুল স্বভাৱে॥২৭৮
সেহি বেলা মহেশৰ শৰ বিপৰীত।
মনুজয় বেগে আসি চাপিলা সমীপ॥
প্ৰচণ্ড বতাসে দশো দিশে যাই ছানি।
তূলাত লাগিল যেন প্ৰচণ্ড অগনি॥২৭৯
নিমিষেকে দহি নৃপতিৰ কলেৱৰ।
পৃথিবী বিদাৰি গৈলা পাতাল ভিতৰ॥
সাত সাগৰৰ জলে কৰিলেক স্নান।
দিব্য ৰূপ ধৰি গৈলা মহেশৰ স্থান॥২৮০
সম্মুখ সমৰে পৰি ৰাজা কূৰ্ম্মৱলী।
পৰম আনন্দে স্বৰ্গ লোকে গৈলা চলি॥
শুনা সভাসদ এক চিত্ত কৰা মন।
কূৰ্ম্মঠ পৰ্ব্বৰ কথা অতি বিতোপন॥২৮১