পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
কূৰ্ম্মৱলী-যুদ্ধ

বাসুকী সদৃশ ভয়ঙ্কৰ বিপৰীত।
মাথা গোট আকাশে লাঙ্গুল পৃথিবীত॥২৬৪
মেৰু মন্দৰৰ সদৃশত কলেৱৰ।
আকাশ বিয়াপি চলে ভয়ঙ্কৰ শিৰ॥
নিশ্বাসত বাজ হৱে অসংখ্যাত সৰ্প।
দেখি দেৱলোকৰ হাৰিয়া গৈলা দৰ্প॥২৬৫
নাকৰ বতাস মাৰুতৰ সমসৰ।
দুই গোট চক্ষু যেন উদিত ভাস্কৰ॥
কালবৰ্ণ দুই জিহ্বা শিখৰ সদৃশ।
তপ তপ কৰি দুই নাকে পৰে বিষ॥২৬৬
পাতাল সদৃশ কৰি বেন্ত গোট বাই।
পৰম আক্ৰোশে গাঙ্গেয়ক খেদি যাই॥
হেন দেখি গঙ্গা-সুতে মনত গুণিলা।
আথে বেথে দিকপাল শৰ বৰষিলা॥২৬৭
আকাশ ছানিয়া চলে শায়ক প্ৰচণ্ড।
কুবেৰৰ অস্ত্ৰক কৰিলা খণ্ড খণ্ড॥
চুৰ্ণাকৃতি হুয়া শৰ ভূমিত পৰিলা।
টল বল কৰি মহী মন্দৰ লৰিলা॥২৬৮