পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কুৰ্ম্মাৱলী-যুদ্ধ।

হেন শুনি কুৰ্ম্মৱলী দিলেক উত্তৰ।
জানা ভীষ্ম পিতামহ সুম্ভ নৃপবৰ॥
তাহাৰ ভনয় ধৰ্ম্মদত্ত বোলে যাক।
তেহোঁ মহাৰাজ জন্ম দিলেক আমাক॥২৬৩
এতেকতে অধৰ্ম্ম যুদ্ধক কোন কাজ।
স্বধৰ্ম্মত যুজিবো সত্বৰ হুয়ো সাজ॥
এহি বুলি কূৰ্ম্মৱলী ৰাজা নৰেশ্বৰ।
মনত হৰিষে অতি লৈলা ধনুশৰ॥২৩৪
হেন দেখি ভীষ্মৰ আনন্দ ভৈলা মন।
ভয়ঙ্কৰ ধনু তুলি লৈলা তেতিক্ষণ॥
দুইকো দুই বচনে সাদৰি অনুপাম।
কৰযোৰে কৰিলেক সস্নেহে প্ৰণাম॥২৩৫
দুইকো দুই কৰিলেক ধনুক টঙ্কাৰ।
একে লগে দুইয়ো শৰ কৰিলা প্ৰহাৰ॥
মহাবেগে দুয়ো প্ৰহাৰিলা মহাবল।
শ্ৰাৱণৰ মেঘে যেন বৰষিলা জল॥২৩৬
দুইখান ধনু দেখি মশুল আকাৰ।
দুইৰো শৰে আকাশ ঢাকিলা নিৰন্তৰ॥