পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কুৰ্ম্মাৱলী-যুদ্ধ।

হস্তিনাপুৰত প্ৰজা ভৈলা আচৰিত।
কৈতবা কি ভৈলা তাৰ নাপান্ত বিদিত॥২২৪
জন্মেজয় ৰাজাত বদতি মুনিবৰ।
যেন কথা ভৈলা আৱে আত অনন্তৰ॥
সেহিবেলা ৰাধা-সুত লভিলা চেতন।
ৰাজাগণে চেতন লভিলা তেতিক্ষণ॥২২৫
কিছো কিছো কৰিয়া গাৱত শ্ৰুতি পাইলা।
ধনু শৰ ধৰি সবে যুজিবাক লৈলা॥
হেন দেখি কূৰ্ম্মৱলী নৃপতি প্ৰধান।
আথে বেথে ধৰিয়া হানিলা নিদ্ৰাবাণ॥২২৬
সমস্তয়ে বীৰমানে নিদ্ৰিত যে হই।
স্বশৰীৰে দৃঢ় কৰি ধৰিলা জণ্টাই॥
ৰাধেয়ক আদি কৰি যত বীৰগণ।
নিদ্ৰা যাই পূৰ্ব্বমতে হৈলা অচেতন॥২২৭

ভীষ্ম আৰু কুৰ্ম্মৱলীৰ ৰণ।

হেন দেখি গঙ্গাৰ কুমাৰ মহাৱলী।
সমৰক লাগি শীঘ্ৰ বেগে গৈলা চলি॥