এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কুঁৰ্ম্মৱলী-যুদ্ধ।
তথাপিতো দুইকো দুই প্ৰহাৰয় শৰ।
মৃণালৰ নীলা যেন ভৈলা কলেৱৰ ॥২০৭
শোণিতে সিন্দূৰ বৰ্ণ দেখিতে শোভন।
কালভদ্ৰ সেনাপতি ৰাখ-সুত কৰ্ণ॥
ঘোৰ শৰে জৰ্জ্জৰিত দুহান শৰীৰ।
শৰ বিষে দুইৰো হাত পাৱ নোহে স্থিৰ॥২০৮
ধৰফৰ কৰে জ্ঞান নাহিকে গাৱত।
তথাপিতো যুজে দুই পৰম ক্ৰোধত॥
পঞ্চদিন পঞ্চৰাত্ৰি কৰিলা সমৰ।
বিস্ময় আছিলা দেৱাসুৰ নিৰন্তৰ ॥২০৯
সেহি বেলা কালভদ্ৰ বীৰ মহাবলী।
খেদি যাই কৰ্ণক ধৰিলা আঙ্কোৱালী॥
কৰ্ণেও তাহাক ধৰিলেক ছল পাই।
তুল্য পৰাক্ৰম দুইৰো হীন পৰ নাই॥২১০
হাতে হাতে ধৰিলেক পাৱে পাৱে ছান্দি।
ভূমিত পৰিলা দুই মাল-বান্ধে বান্ধি॥
গিৰ গিৰ কৰিয়া শৱদ বৰ ভৈলা।
একে লগ পৰি দুয়ো বীৰ মূৰ্চ্ছা গৈলা॥২১১