পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কুৰ্ম্মাৱলী-যুদ্ধ।

লাল কাল ভৈলা কৰ্ণ ধৰফৰ কৰে।
নাপায় উদ্দেশ বীৰে কালভদ্ৰ শৰে।
কতো বেলি চেতন লভিলা বীৰকৰ্ণ।
ধনুধৰি প্ৰহাৰিলা অসংখ্যাত বাণ॥২০৩
আকাশ চানিয়া ভৈলা শৰে অন্ধকাৰ।
দেখি কালভদ্ৰে কোপ কৰিল অপাৰ॥
আকৰ্ণ পূৰিয়া ধনুবান টানি আনি।
কৰ্ণৰ শৰক কাটিলেক শৰে হানি॥২০৪
পুনৰপি ঘোৰ যুদ্ধ মিলিলা অপাৰ।
দুইৰো শৰে আকাশ ভৈলেক অন্ধকাৰ॥
দুইফাল ভৈলা যেন দুখান আকাশ।
ঘোৰ তমোময় ভৈলা ৰুধিৰ প্ৰকাশ॥২০৫
দুইৰো শৰে দুহান্যৰ কাটিলা সমস্ত।
দুইয়ো মহা পৰাক্ৰমী ঘোৰ সমৰত॥
এক ভৰি পাছ নকৰয় দুয়ো জন।
আনন্দে সমৰ চাই আছে দেৱগণ॥২০৬
দুইৰো শৰে শৰীৰৰ মাংস ছিঙ্গি যাই।
আকাশত উড়িয়া শগুন কাকে খায়॥