পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰ্ম্মৱলী-যুদ্ধ।

দুইকো দুই ক্ৰোধ কৰি সঘনে টকালি।
মৰ্ম্মভেদ হুঙ্কাৰি উচ্চাৰি পাৰে গালি॥
দুইকো দুই মহাক্ৰোধে প্ৰহাৰিলা শৰ।
শ্ৰাবণৰ মেঘে যেন বৰষিলা জল॥১৯০
দুইয়ো মহাবলৱন্ত মুনিষ দুৰ্জ্জয়।
হিংসা হিংসি দুইকো দুই শৰ বৰিষয়॥
মণ্ডল আকাৰ দেখি দুইখান ধনু।
শৰ ছেদে ভেদয় দুহান দুইৰো তনু॥১৯১
এক ভৰি পাছ নকৰয় দুই বীৰে।
বধিৰে ৰাতুল ভৈলা দুহান শৰীৰ॥
কালভদ্ৰ কৰ্ণৰ মিলিলা ঘোৰ ৰণ।
আকাশত ৰঙ্গ চাই আছে দেবগণ।১৯২
সেহি বেলা কৰ্ণে হানিলন্ত পঞ্চবাণ।
কালভদ্ৰ বীৰৰ ভেদিলা স্থানে স্থান॥
আৰো একপাত শৰ লৈলা ৰাধা-সুত।
শৰীৰৰ বলে ক্ৰোধ কৰি বিপৰীত॥১৯৩
বজ্ৰৰ সন্ধানে তাৰিলেক মহাবল।
হৃদয়ত পৰি পুচ্ছমানে গৈলা তল॥