এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কূৰ্ম্মৱলী-যুদ্ধ।
মহাবেগে ৰথখান চলে আকাশত।
সম্মুখে ৰাখিলা কালভদ্ৰৰ আগত॥১৮৫
দেখি কালভদ্ৰে প্ৰহাৰিলা পঞ্চবাণ।
উলুটাই থৈলা নিয়া আসিবাৰ থান॥
হেন দেখি মহাক্ৰোধে কৰ্ণ বীৰবৰ।
সাৰথিৰ মুখ চাই গৰ্জ্জিলা বিস্তৰ॥ ১৮৬
কেনমতে ৰথক ডাকল দুৰাচাৰ।
সম্মুখ এৰিয়া ৰথ বিমুখ আমাৰ॥
খানিতেক ভয় দেখোঁ নকৰস মোক।
শিৰশ্ছেদ কৰো যেন পেশো যমলোক॥১৮৭
কুখ্যাতি ৰহিলা মোৰ ইটো ৰবিতলে।
সমৰত ভঙ্গ ভৈলা কৰ্ণ মহাবলে।
আকে জানি সত্বৰে ডাকিয়ো ৰথখান।
সমুখে ৰাখিবি কিছো নাাচাহিবি আন॥১৮৮
হেন শুনি সাৰথী মনত কৰি ভয়।
ডাকিলেক ৰথখান আকাশে চলয়॥
তেতিক্ষণে সমৰ ভূমিক যাই পাইলা।
মহাক্ৰোধে দুই বীৰে গৰ্জ্জিবাক লৈলা॥১৮৯