পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কুৰ্ম্মৱলী-যুদ্ধ।

জয়দ্ৰথ ৰাজাক সম্মুখে লাগ পাই।
হৰিণক খেদি যেন বাঘ গোট ধাই॥
ধনু ধৰি আকৰ্ণ পূৰিয়া হানি শৰ।
জয়দ্ৰথ ৰাজাৰ ভাঙ্গিলা কলেৱৰ॥১৬৮
হৃদয়ত পৰি শৰ গৈলেক নিকালি।
মূৰ্চ্ছাগত ভৈলা জয়দ্ৰথ মহাবলী॥
হেন দেখি দ্ৰুপদ নৃপতি ধনুধৰি।
যুদ্ধক প্ৰৱন্ধে গৈলা মহা যত্ন কৰি৷।১৬৯
কালভদ্ৰ বীৰক হানিলা শৰচয়।
কটাক্ষ নকৰে বীৰে দাৰুণ হৃদয়॥
আকৰ্ণ পূৰিয়া বীৰে হানিলেক শৰ।
সন্ধানে হানিলা নৃপতিৰ কলেৱৰ॥১৭০
মৰ্ম্মস্থান হানি গৈলা শৰ বিপৰীত।
মূৰ্চ্ছা যাই দ্ৰুপদ পৰিল ধৰণীত॥
হেন দেখি বিৰাট নৃপতি মৎস্য ৰায়॥
সমৰক লাগি শীঘ্ৰ বেগে গৈলা ধায়॥১৭১
কালভদ্ৰ ৰীৰক হানিলা পঞ্চবাণ।
ছিদ্ৰ পাই বেগে ভেদিলেক সেহি স্থান॥