পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণায় নমঃ

 

কূৰ্ম্মৱলী-যুদ্ধ

 

শ্ৰীকৃষ্ণ বন্দনা।

পদ।

জয় নমো নাৰায়ণ নিত্য নিৰঞ্জন৷
ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ॥
চৰাচৰ পশু-পক্ষী যাৰ গুণ গায়।
ব্ৰহ্মা মহেশ্বৰে যাৰ অন্তক নাপায়॥১
অনন্ত বদনে যাৰ নাপাইলেক সীমা।
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্ণি নাজানে মহিমা॥
হেনয় ঈশ্বৰ যিটো অগতিৰ গতি।
দৈৱকীৰ গৰ্ভে আসি ভৈলা উতপতি॥২
গোকুলত থাকিলাহা চাৱালৰ ছলে।
বান্ধিলা যশোদা তাক ভকতিৰ বলে॥