এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কূৰ্ম্মৱলী-যুদ্ধ।
বাঢ়া টুটা দোষ একো নধৰিবা
পৰম অতি অধম॥১৫৩
মিছা আশা কাম হেনয় সংসাৰে
এৰিবেক মহাজন।
আপুনি নিস্তৰে পুৰুষ উদ্ধাৰে
হৱে নষ্ট পাপগণ॥
হেন জানি সবে আলাস ত্যজিয়া।
ধৰা মাধৱৰ নাম।
তেবেসে সংসাৰ থাবিবাহা সুখে
মুখে বোলা ৰাম ৰাম॥১৫৪
কুৰু আৰু কুৰ্ম্ম সৈন্যৰ ৰণ।
পদ।
বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
যেন কথা ভৈলা পাছে আড় অনন্তৰ॥