পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
কুৰ্ম্মাৱলী-যুদ্ধ।

পাতাল লোকত   নাগগণ যত
  তাসবাব ভয় আতি।
হেন চমৎকাৰ   ৰাজা কূৰ্ম্মৱলী
  বহিলেক ব্যুহপাতি॥১৫১
দেখি ভীষ্ম দ্ৰোণ   আদি কুৰুগণ
  যুজিৰাক ভৈলা সাজ॥
পৰম যতনে   ধাইলেক যেহেন
  ক্ৰোধ কৰি সিন্ধুৰাজ।
শুনা সভাসদ   ভাৰতৰ পদ
  কৃষ্ণক মনত ধৰা।
কৃষ্ণ গুণ গান   শ্ৰৱণ কীৰ্ত্তনে
  অপাৰ সংসাৰ তৰা॥১৫২
বোলয় সাগৰ   অতি অল্পমতি
  নাজানোহুঁ কিছো আন।
মহন্ত যতেক   কৃষ্ণভক্ত যত
  সবাৰ ধৰো চৰণ॥
আমাৰ যতেক   দোষ গুণ হয়
  তাক কৰিবাহা ক্ষমা।