পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
কূৰ্ম্মৱলী যুদ্ধ।

দ্ৰুপদ নৃপতি আসিয়াছে বিদ্যমান।
সমদলে বিৰাট আসিছে সেই থান॥ ১৩৭
আন আন ৰাজগণ আসিছে বহুত।
হেন জানি কহিয়োক যেহেন যুগুত॥
শুনি কৃৰ্ম্মৱলী ৰাজা দিলা সমিধান।
কালভদ্ৰ বীৰক সত্বৰে মাতি আন॥১২৮
হেন শুনি গৈলা চলি দূত মহাশয়।
যৈত আছে কালভদ্ৰ মুনিষ দুৰ্জ্জয়॥
কৰযোৰে দূতে বিনাৱন্ত বাক্যচয়।
ৰাজাৰ আগক শীঘ্ৰে যাইবাক লাগয়॥১৩৯
ৰাজা দুৰ্য্যোধন সমৰক আইলা সাজি৷
নকৰা বিলম্ব ঝণ্টে উঠিয়োক সাজি॥
দূতৰ বচন শুনিলেক মহাবলী।
ৰাজাৰ পাশক শীঘ্ৰ বেগে গৈলা চলি॥১৪০
সমীপ চাপিয়া বীৰে কৰিলা সেৱলি।
আসন পাতিয়া বসিলন্ত মহাবলী॥
দেখি কূৰ্ম্মৱলীৰ হৰিষ ভৈলা মন।
সাদৰ কৰিয়া ৰাজা বুলিলা বচন॥১৪১