পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



প্ৰকাশকৰ নিবেদন

 গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰাচীন কবিৰ বধকাব্য, কৃৰ্ম্মাৱলী যুদ্ধ আৰু অশ্বকৰ্ণৰ যুদ্ধ পুথি দুখনি পাঠ্য পুথি ৰূপে মঞ্জুৰ কৰি আমাক জানিবলৈ দিয়াত আমি শ্ৰীমদ্ভাগৱত ভৰালৰ” পৰা প্ৰকাশ কৰিবলৈ হাতত লওঁ। এই পুথি দুখনৰ হাতে লিখা পুৰণি পুথি বিচাৰি পোৱা নহল। দুই সময়ত দুজন প্ৰকাশকে ছপা কৰা দুখন পুথিহে কোনো মতে সংগ্ৰহ কৰোঁ, আৰু এই ছপা পুথিদুখনৰ পাঠকে মিলাই ছপা কৰিলোঁ।

 পুথিদুখনৰ বানানত মাজে মাজে হাত দিয়া হৈছে। বিশেষকৈ “কৰিলু” ৰ ঠাইত “কৰিলোঁ” “কহু”ৰ ঠাইত কহো, “বোলিলা'ৰ ঠাইত “বুলিলা” ইত্যাদি কৰা হৈছে। এইবোৰ আদিতে ছপা কৰিবলৈ লোৱা পাণ্ডুলিপিৰ দোষ বুলি অনুমান কৰিছোঁ; কিয়নো এনে বানান পুৰণি ভাল পাণ্ডুলিপিত আমি এতিয়ালৈকে পোৱা নাই।

 পুথিদুখনৰ বিষয়-সূচীবোৰ, তৈয়াৰ কৰি প্ৰতি বিষয়ৰ ওপৰে ওপৰে দিয়া হল।

বিনিত— 
শ্ৰীহৰি নাৰায়ণ দত্ত বৰুৱা।