পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কূৰ্ম্মৱলী-যুদ্ধ।

লাল কাল ভৈলা প্ৰজা নাপাৰে চলিতে।
মোৰ মন ইহাত যে উচিত ৰহিতে॥১১৫
নুহিকে কহিলে তোৰা শীঘ্ৰ কৰি যাই।
দেখিবোহো সবাৰে নয়ন মলি খাই॥
শুনি আছো কূৰ্ম্মৱলী প্ৰচণ্ড নৃপতি।
কালভদ্ৰ নাম তাৰ মোক্ষ সেনাপতি॥১১৬
আছোক মনুষ্য তাৰ দেৱে নহে সম।
মহাবলৱন্ত ৰাজা পৰম বিক্ৰম॥
যতেক দেখহ কুৰু কটক বিস্তৰ।
তাহাৰ আগত সবে তৃণ সমসৰ॥১১৭
মৃগৰ আগত যেন প্ৰচণ্ড কেশৰী।
কোনোজনে তাহাক যুজিব ধনু ধৰি॥
সম্মুখ সমৰে সম কোনোজন নাই।
একমাত্ৰ ভীষ্মৰ নাজানো অভিপ্ৰায়॥১১৮
আমাৰ বচন শুনিয়োক দুৰ্য্যোধন।
জিৰাযোক আতে ৰহিয়োক সেনাগণ॥
হেন শুনি দুৰ্য্যোধন নামিল ৰথৰ।
সুপকাৰে ৰহিলেক সেনা নিৰন্তৰ॥১১৯