পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
কুৰ্ম্মাৱলী-যুদ্ধ।



শুভক্ষণে যাত্ৰা কৰিলন্ত নৃপবৰ।
জয় হৰিধ্বনি কৰিলেক ভয়ঙ্কৰ।
ধীৰে ধীৰে দেও দিয়া চৰিলা অথত।
ভীষ্ম আদি যোধগণ চলিলা লগত৷ ১০২
বিৰাট দ্ৰুপদ আদি আহিলকে যত
যুঁজিবাক মনে সবে হৰিষ মনত।
ৰথ সমে দুৰ্য্যোধন প্ৰকাশ কৰয়।
সপ্ত ঘোটকত যেন আদিত্য জ্বলয়৷ ১০৩
পাছত চলয় তাৰ উণশত ভাই।
যতেক কটক তাৰ লেখা জোখা নাই।
বাজনীযা লোক তাৰ যতেক থাকয়।
ক্ৰমান্বয়ে সমস্তেও ৰণক চলয়॥১০৪
বীৰ ঢাক কৰতাল বাজাৱে কাঁহাল
খমুছি দোতাৰা বাজে বিপঞ্চি মাদাল।
গোমুখ কৰ্ণাল ভেৰী ঢোল চন্দ্ৰহাঁস।
সাৰিঞ্জে কঞ্জাৰ বেণু ৰুদ্ৰকা বলাস ১০৫
কালি মৌৰি বাঁশী বেন আন বাদ্য যত
পৰম আনন্দে বাজে সেই সময়ত।