পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কুৰ্ম্মাৱলী-যুদ্ধ।

বেগে যাই সবাত কহিলা বিদ্যমান।
শীঘ্ৰকৰি আনি সাজিলেক ৰথখান॥
শ্বেতবৰ্ণ চাৰিগোট যুৰিলেক বাজী।
সমস্তে অস্ত্ৰক নিবন্ধিয়া হৈল সাজি॥৯৮
দিলেক ঝঞ্ঝনা খান ৰত্নে বিৰচিত।
সুবৰ্ণ সদৃশ ধ্বজগোট বিপৰীত॥
কপালত আৰপিল সুবৰ্ণ দাপনি।
পাৱত ঘুগুৰা দিলা কৰে ঝিলি মিলি॥৯৯
সুবৰ্ণ ৰতনে মণ্ডিলেক ৰথখান।
ভূমিত নামিছে যেন দেৱৰ বিমান॥
হেনয় সুন্দৰ ৰথ পৰম সুমতি।
ৰাজাৰ আগত আনি যোগালে সাৰথি॥১০০
ৰথ আসিবাক দেখি ৰাজা দুৰ্য্যোধন।
সমাজৰ হন্তে উঠিলেক তেতিক্ষণ॥
ভীষ্ম দ্ৰোণ আদি কৰি যতেক আছিল।
গিৰিসিতে তাৱক্ষণে সিথানে চলিল॥১০১

*ঝঞ্ঝনা:-ঝণক, অলঙ্কাৰ বিশেষ।