পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কূৰ্ম্মৱলী-যুদ্ধ

কতো বেলি অন্তে ৰাজা দুৰ্য্যোধন
 স্থিৰ কৰিলেক বুদ্ধি।
জানিলো নিশ্চয় আপদ কালৰ
 ধৈৰ্যেসে বৰ ঔষধি॥
এহিমতে গুণি ৰাজা মনে মানি
 কৰিলেক দৃঢ় মন।
দ্ৰোণ ভীষ্ম কৰ্ণ সবাকো চাহিয়া
 বুলিলা পাছে বচন॥৮৫
শুনা বীৰগণ নসহে পৰাণ
 বিলম্বক নজুৱাই
সমৰক লাগি আহা শীঘ্ৰ কৰি
 কিচো অৱসৰ নাই॥
শুনি ভীষ্ম দ্ৰোণ শকুনি সুসেন
 ৰাধা সুত মহাবল।
সমৰক প্ৰতি ভৈলা সব সাজ
 মনে কৰি কৌতুহল॥ ৮৬
দুৰ্য্যোধন আদি উনশত ভাই
 সবে ভৈলা পৰি সাজ।