পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কূৰ্ম্মৱলী-যুদ্ধ

শুনি দুৰ্য্যোধনে দেখিলা যমক
 শোক-অগ্নি গৈলা জ্বলি।
সমস্তে সংসাৰ তমোময় দেখে
 ভূমিত পৰিলা ঢলি॥৮০
কত বেলি মানে ৰাজা দুৰ্য্যোধন
 শৰীৰে চেতন পাই।
ধৰ ফৰ কৰি উঠিয়া বসিলা
 নিদ্ৰাত যেন জাগয়॥
কথমপি চিত্ত কৰিলন্ত স্থিৰ
 কিছো সন্ধুক্ষণ ভৈলা।
প্ৰাণ সমসৰ কনিষ্ঠৰ গুণ
 সুমৰি কান্দিবে লৈলা॥৮১
হৰি হৰি বাপ প্ৰাণৰ সোদৰ
 কিমতে দুঃখ বঞ্চিবি।
সিটো পোতাশালে ঘোৰ যাতনাত
 কিমতে পৰি থাকিবি॥
দশ পঞ্চ দিনে দিবেক আহাৰ
 থৈবে বান্ধি হাতে গলে।