পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কূৰ্ম্মৱলী-যুদ্ধ

কূৰ্ম্মৱলী সেনা আনন্দ কৰিয়া
 খেদি খেদি কত ধৰে॥
কত সেনাগণ কোবায় মাৰয়
 কত আনে বান্ধি ধৰি।
কিলন্তে কুবন্তে টানন্তে ঘোহন্তে
 কত কত গৈলা মৰি॥৭৮
কত সেনাগণ{{gap|3em}ত্ৰাসতে পলায়
 ৰাখিয়া নিজ পৰাণ।
দেশ দেশান্তৰ পলাই নিৰন্তৰ
 নৃপতিত দিলা জান॥
আদেশ নৃপতি শুনিয়ো সম্প্ৰতি
 বিনাশ ভৈলাহে কাজ।
সমৰত তিনি  কৰিলেক বন্দী
 দুঃশাসন মহাৰাজ॥৭৯
হাতে গলে বান্ধি নিলন্ত ধৰিয়া
 নগৰ পখিলা যাই।
নজানিলোঁ তৈত অন্তেষ পুৰত
 কৰিলা কিবা বিলাই॥