পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কূৰ্ম্মৱলী-যুদ্ধ

শুনি কুৰ্ম্মৱলী ৰাজা মহাৱলী
 হৰষিত ভৈলা মন॥৭৩
কালভদ্ৰ আদি  সমস্ত সেনাক
 দিলা ধন ৰত্ন বিত।
বীৰ কালভদ্ৰ  সৈন্য অধিকাৰী
 হৰষিত ভৈলা চিত॥
পাছে কূৰ্ম্মৱলী  আনন্দে বুলিলা
 শুনিয়োক সেনা-বল।
নগৰত নিয়া  ফুৰায়ো ইহাক
 দেখোক প্ৰজা সকল॥৭৪
হেন শুনিসবে  সাঙ্গী বান্ধি লৈয়া
 পশিলা যাই নগৰ।
দুন্দুভি কোবায় নিশান উড়াই
 হৰিষ মন লোকৰ॥
সাঙ্গী বান্ধি নেই প্ৰজাসবে দেখে
 বেঢ়ি চাৱে নাৰীগণ।
কৌৰৱ-বংশৰ  ৰাজা দুৰ্য্যোধন
 তান ভাই দুঃশাসন॥ ৭৫