পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কূৰ্ম্মৱলী-যুদ্ধ


নাগপাশে বন্দী হুয়া দুঃশাসন
 ৰণ মাজে পৰি আছে।
দেখি কালভদ্ৰে সবাকো চাহিয়া
 হৰিষে মাতিলা পাছে॥৭১
আমাৰ বচন শুনা বীৰগণ
 লয়ো আক সাঙ্গী কৰি।
নৃপতিৰ আগে দেওঁ ভেট কৰি
 দেখিয়োক নৰ নাৰী।
হেন শুনি সবে  সাঙ্গীবান্ধি লৈয়া
 নগৰক লাগি গৈলা।
বসিয়া আছন্ত  ৰাজা কূৰ্ম্মৱলী
 সভামধ্যে ভেট পাইলা॥৭২
আগ বাঢ়ি যাই মোক্ষ সেনাপতি
 কালভদ্ৰ মহাবীৰ।
সমীপ চাপিয়া  কৰিলা প্ৰণাম
 মাতিলন্ত ধীৰে ধীৰ॥
তোমাৰ প্ৰসাদে  লভিলোঁ বিজয়
 আনি আছো দুঃশাসন।