পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কূৰ্ম্মৱলী-যুদ্ধ


পুষ্কৰিণী দেৱগৃহ সাজি থানে থান।
বিচিত্ৰ ভাণ্ডাৰ সব কৰিলা নিৰ্ম্মাণ॥
পাছে যজ্ঞ গৃহ সাজিলেক বীৰবৰ।
ধৱল পৰ্ব্বত হেন দেখি লাগে ডৰ॥২১
বাণিয়া কাহাঁৰ লোক কৰিলেক স্থিতি।
শাৰী শাৰী নিবন্ধিলা ৰজতৰ চৌতি॥
সুৱৰ্ণৰ পাত কামি সুৱৰ্ণ ৰুৱলি॥
সুৱৰ্ণৰ গুণ টানি বন্ধিলা মাড়লী৷ ২২
ৰূপহী সবক তাৰ দিল সুবৰ্ণৰ৷
পাৰ্ব্বতীসবক তাৰ দিলা কি সুন্দৰ॥
শাৰী শাৰী নিবন্ধিলা ৰজতৰ মণি।
শ্বেত নেত শুক্ল বস্ত্ৰে পাৰিলা পাতনি॥ ২৩
ৰজতৰ খাৱাসব দিলেক যতনে।
বেৰাক বান্ধিলা তাৰ সুৱৰ্ণ ৰতনে।
ৰজতৰ পাতা দয়াি ছেৱে যত্ন কৰি।
উত্তৰে গহীন যেন দেখি শুক্ল গিৰী॥২৪
বান্ধিলেক কাঠি যেন সুৱৰ্ণ ৰজতে।
বান্ধিলা ধৰণাসব হীৰা মৰকতে।