পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ এতেকে তোহ্মাৰ অদ্যাপিও মোক চৰণে শৰণে পশিলো প্ৰভু উদ্ধাৰা মাধৱ বন্ধু নামাৰা॥ ৬০০॥ মোহ পাশে বান্ধি কত কোটি জন্ম যাতনাত ভ্ৰমো নেৰাইলো সংসাৰ তাপ হে কৃষ্ণময় মই অধমক উদ্ধাৰা মাধৱ বাপ॥ তুমি সুহৃদ পৰম আতমা মহা গুৰু হৃষীকেশ। চৰণত ধৰো যেন মতে তৰো দিয়ো দেৱ উপদেশ॥ ৬০১॥ যৈতে তৈতে জন্ম হৌক যদুনাথ মোৰ নিজ কৰ্মফলে। যৈতে তৈতে মঞি জানিবা ঈশ্বৰ তোহ্মাক হৃদি কমলে॥ তোহ্মাতেসে ৰতি কৰিবেক মতি বচনে উচ্চাৰি নাম। কৃষ্ণৰ কিঙ্কৰে তেৱেসে নিস্তৰে ডাকি বোলা ৰাম ৰাম॥ ৬০২॥ ॥ ইতি কুৰুক্ষেত কাব্য সমান্ত॥ ১০৭ Scanned with CamScanner