পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ যশোদা বন্ধিলা কঙ্কালত দিলা বল। উভঞ্জে অৰ্জ্জুন মাজে টানি উড়ুখল॥৫৫৯॥ কৃষ্ণময় হুয়া ফুৰৈ নাহিকে চেতন। পাসৰিল গৃহ শৰীৰকো ইন্দ্ৰসেন॥ এহিমতে মহা প্ৰেম ৰস যায় চৰি। কৃষ্ণৰ আগতে আছৈ দণ্ডৱতে পৰি॥৫৬০॥ দৈত্যেন্দ্ৰৰ মহা প্ৰেম ভকতিক চাই। ভৈলন্ত আশ্চৰ্য্য ৰাম কৃষ্ণ দুই ভাই। কতোক্ষণে সন্ধুক্ষণ হুয়া দৈত্যনাথে। কৃষ্ণ পাদ পদ্ম দুইক তুনি লৈলা মাথে॥৫৬১॥ কতো আখি মুখে ঘসৈ কতো গলে বান্ধৈ। প্ৰেমভৰে নিৰ্ভৰ আনন্দে কতো কান্দৈ॥ দ্ৰব হুয়া হৃদয় নেত্ৰৰ পৰে পানী। লোতকে নিৰোধে কন্ঠ গদগদ বাণী॥৫৬২॥ শিহৰৈ শৰীৰ প্ৰেম বকতিৰ সুখে দোভাইকো কৰন্ত তুতি সলোতক মুখে।। নমো নমো অনন্ত মহন্ত দেৱ হৰি। ফণা একাদশে জগতকে আছা ধৰি॥৫৬৩॥ হেনয় বহুত মূৰ্ত্তি তুলি হলধৰ। তোহ্মাৰ চৰণে মনে নমো নিৰন্তৰ॥ নমো নমো কৃষ্ণ তুমি জগত বিধাতা। তুমিসি পৰম ব্ৰহ্ম প্ৰভু পৰমাত্মা॥৫৬৪॥ কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয়। তোহ্মাৰ মায়ায়ে অঙ্গে কৰন্তে আছয়।। পৰম দুৰ্ল্লভ তোৰা দুইৰ দৰ্শন। তাৰেসে সুলভ জাত আপুনি প্ৰসন্ন॥৫৬৫॥ মহা তামসিক আমি দুষ্ট দৈত্যচয়। আহ্মাকো দিলাহা দেখা কিনো কৃপাময়।। ভৈলা গৃহাগত আত মিলিল আহ্লাদ। দিলা মোক দেৱতাৰ পৰম প্ৰসাদ॥৫৬৬॥ ৯৯ Scanned with CamScanner