পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুক ক্ষেত্ৰ 1396 পুত্ৰক সুমৰি মহা মৰ্ম্মে যায় চড়ি। দুয়ো নয়নৰ পৰে লোতক নিগড়ি॥ মহা দুখে আধেমুখে কৰন্ত ক্ৰন্দন। প্ৰবোধস্ত ৰাম কৃষ্ণে কৰিয়া বন্দন॥৫২৯॥ তাপ ত্যজি মাতৃ সুস্থ কৰিয়ো হৃদয়। আনি দিবা এখনে তোহ্মাৰ পুত্ৰচয়॥ শুনি দৈৱকীৰ চিত্ত ভৈল উপশান্ত। দেখি দুয়ো ভাই ৰথে চড়ি লৰি যান্ত॥৫৩০॥ ॥ দৈৱকীৰ পুত্ৰ আনয়ন।। ৰঙ্গে ৰাম কৃষ্ণ গৈয়া যোগমায়া বলে। একে নিমিষেকে আসি পশিলা সুতলে॥ ভুৱন মোহন দিব্য ৰূপ হৃষীকেশ বলিৰ সভাত ভৈলা দুভায়ে প্ৰৱেশ॥৫৩১। যেন একদায়ে কোটি চন্দ্ৰমা উদয়। শ্যাম শৰীৰত পীত পাট প্ৰাকাশয়॥ ঝলকে ৰত্নৰ অলঙ্কাৰ কেলেৱৰে। যেন নীল অম্বুদত বিদ্যুত সঞ্চাৰে॥৫৩২॥ মাথে মণিময় মহা মুকুট অমূল্য। ৰত্নৰ তিলকে জ্বলে অলকা কপোলে॥ নয়ন পঙ্কজ ৰঞ্জৈ বদন মণ্ডল। ভ্ৰূযুগ যেন ধনু অধৰ ৰাতুল॥৫৩৩॥ ঈষত হসিত মুখ দশন মানিক। কণ্ঠত কৌস্তভ নৱ সূৰ্যতো অধিক॥ কঙ্কণ কেয়ুৰ জ্বলে ভূজ চতুষ্টয়। শোভে আতি আৰকত নখ চন্দ্ৰচয়॥ ৫৩৪॥ শ্যাম বক্ষস্থলত চমকে হেমহাৰ। চিকিমিকি কৰৈ কান্তি মণি মুকুতাৰ। কটি তটে পাট ভূনি কণক মেখলা। অজানুলম্বিত গলে বৈজয়ন্তী মালা॥৫৩৫॥ একান্ত ভকতে যত্‌ লৱৈ গুণ নাম। পিন্ধিছা পদ্মৰ মালা কৰি অনুপাম॥ EST ৯৫ Scanned with CamScanner