পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৮ ॥ পদ॥ শুক নিগদতি শুনা নৃপতি সাক্ষাত। বহুবিধ লীলা হৰি কৰি দ্বাৰকাত।। ভকতৰ মনোৰথ পূৰিলা অশেষ কৰিবো বেকত সিটো তোহ্মাত নিঃশেষ॥ ৪৭৪॥ বসুদেৱ দৈৱকী বাক্যত নাৰদৰ। জানিলা কৃষ্ণক এন্তে পৰম ঈশ্বৰ॥ নোহন্ত আহ্মাৰ পুত্ৰ পুৰুষ পুৰাণ। হৃদয়ৰ নুগুচে ঈশ্বৰ মহাজ্ঞান॥৪৭৫। একদিন পিতৃ গৃহে গৈলা কৃষ্ণৰাম। বসুদেৱ দৈৱকীক কৰিলা প্ৰণাম॥ দেখি দুয়ো প্ৰাণী আতি হৰিষিত মন। বসিবাক লাগি দিলা আনন্দে আসন॥৪৭৬॥ মুনি সমস্তৰ বাক্য শুনিয়া সভাত। প্ৰভাৱ প্ৰত্যেক দেখি গৈলোহো সঞ্জাত॥ পৰম ঈশ্বৰ দুয়ো সাক্ষাতে আকলি। বুলিবে লাগিলা সৌৰি কৰি কৃতাঞ্জলি॥৪৭৭॥ হে কৃষ্ণ কৃষ্ণ মহেশ্বৰ নাৰায়ণ হে হলিৰাম দুয়ো দেৱ সনাতন॥ নিশ্চয়ে জানিলো আমি নুহিক মনুষ্য। জগত কাৰণ যিটো প্ৰকৃতি পৰুষ॥ ৪৭৮॥ তাহাৰো কাৰণ তোৰা জানিলো সম্প্ৰতি। তোহ্মাৰ অধীন দুয়ো পুৰুষ প্ৰকৃতি। কাৰণৰো কাৰণ সাক্ষাত নাৰায়ণ। এতেকে জানিয়া লৈলো তোহ্মাত শৰণ॥৪৭৯॥ যৈত যিবা কালত যাহাৰ হেৱে খ্যাত। যাৰ অৰ্থে যিটো কৰৈ কৰাৱে সাক্ষাত॥ যাক কৰৈ সিয়ো সৱে পুৰুষ পুৰাণ তাহাৰ কাৰণে হয়ো দেৱতা ঈশান॥৪৮০॥ ইটো নানাবিধ সৃষ্টি কৰি জগতৰ। আপুনি পশিয়া প্ৰভু তাৰ অভ্যন্ত। -কু ক ক্ষেত্ৰ Scanned with CamScanner