পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ তাতেসে তোহ্মাত লৈলো শৰণ আপুনি। যেন যুৱাই কৰা এৱে মোক মনে গুণি॥ দুৰ্ল্লভ মনুষ্য জন্ম বৃথা গৈল মোৰ। তুমি হেন ঈশ্বৰত ভৈলো সেৱা চোৰ॥৪৫৭॥ মই অধমৰ দোষ গুণ নিবিচাৰি। দয়াশীল দেৱ মোক নিয়োক নিস্তাৰি॥ অগ বক পূতনাক দিলা দেৱ গতি। হৃদয়ৰ বন্ধু মোক নেৰিবা সম্প্ৰতি॥৪৫৮॥ তোহ্মাৰেসে অংশ হুয়া মঞি ভৈলা বাম। বোলা নিৰন্তৰে নৰে জয় জয় ৰাম॥৪৫৯॥ ॥ ছবি। 'কু ক ক্ষেত্ৰ শুক নিগদতি ৰাজা শুনা গোকুলৰ প্ৰজা যাইবে যেৱে সৱে ভৈল সাজ। কৃষ্ণত গলত বান্ধি নন্দ যশোদায়ে কান্দি আছিলা লোতক ভৈল বাজ॥ প্ৰাণ পুতাই থাকিয়োক পৰিছেদা দেখা মোক আমি চলি যাওঁ নিজ থান। কৃষ্ণৰ বিৰহ বহ্নি উধাই শৰীৰত ছানি এৰিবে খোজন্তে যায় প্ৰাণ॥৪৬০॥ পিতৃক মাতৃক ধৰি লগতে কান্দন্ত হৰি আনো যত সুহৃদ সমাজ। ভিজায়া নেত্ৰৰ জলে কৃষ্ণক ধৰিয়া গলে কথমপি ভৈলা তৈৰ বাজ।। অনেক কাতৰ কৰি পিতৃক মাতৃক ধৰি তুলিলন্ত সাৱটি ৰথত। হে কৃষ্ণ নমো বুলি পৰেশ চৰণ ধূলি গোপগণে যাহন্তে পথত॥ ৪৬১॥ বিয়োগে দহৱৈ হিয়া যতেক ভকত গোপী কৃষ্ণ মুখ নিৰীক্ষিয়া কান্দৈ মহাপ্ৰেমে ব্ৰজবাসী। কৃষ্ণৰ সমীপ চাপি ধৰৈ পাদপদ্মক উল্লাসি॥ Scanned with CamScanner