পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ ক্ষণ প্ৰায় প্ৰেমে বঞ্চিলেক মাস তিনি। নন্দক সবংশে অৰ্চিলন্ত ভিন্ন ভিন্নি॥ বসুদেৱ উগ্ৰসেন সাত্যকি উদ্ধৱ। জগতৰ প্ৰভু ৰাম ঈশ্বৰ মাধৱ॥৪৪৯॥ যশোদা নন্দক সাদৰিয়া বহু ভাৱে। দিন দিব্য ভূষণ সন্দেস গাৱে গাৱে। পৰম বান্ধৱ গোপ গোপী নিৰন্তৰে। ভূষিলা সৱাকো বস্ত্ৰ ভূষণে আদৰে॥৪৫০॥ মনুষ্যত অপ্ৰচাৰ অমূল্য ৰতনে। ভৰাইলে শকট সৱ সুৱৰ্ণ ভাজনে॥ dna যশোদাক আনি পাছে দৈৱকী ৰোহিণী। দিলা দুয়ো অলঙ্কাৰ দিব্য বস্ত্ৰ ভিন্নি॥৪৫১॥ কৃষ্ণ পত্নী সৱো আসি কৰি সতকাৰ প্ৰাণ শাশু বুলি দিলা ৰত্নৰ সম্ভাৰ। কৃষ্ণৰ পৰম প্ৰিয়া যতেক গোপিনী। দিব্য বস্ত্ৰ অলঙ্কাৰ পিন্ধাই ভিন্নি ভিন্নি॥৪৫২॥

  • সাৱটি সৱাকো কৃষ্ণে কৰিলা সন্মান।

জানা তুমি তেবেসে মোহোৰ জীৱ প্ৰাণ॥ মোক লাগি খেদ আৰো নকৰিবা মনে। তোমসাৰ সঙ্গ মই নেৰো সৰ্বক্ষণে॥৪৫৩॥ এৱে সবান্ধৱে গোকুলক যায়ো চলি। গাৱে গাৱে দিলা দুনাই ৰত্নৰ অঞ্জলি॥ কৃষ্ণৰ সন্মানে গোপী সমস্তৰে মন ভৈল আতি তুষ্ট আনো যত গোপীগণ॥৪৫৪॥ দিলা আগ কৰি বঢ়ানে অনেক সেনা সঙ্গে। চলিবাক চান্ত গোপৰাজ মহাৰঙ্গে। শুনা সভাসদ পদ মহা ভাগৱত। জানা ধন জন বন্ধু সৱে অশাশ্বত॥৪৫৫॥ হাটে বাটে কৈত কেতিক্ষণে পৰে প্ৰাণ। কৃষ্ণ বিনে নাহি আন যাতনাত ত্ৰাণ।। নমো নমো হেন কৃষ্ণ মঞি নমাই মাথ। শুনি আছা তুমি দেৱ অনাথৰ নাথ॥৪৫৬॥ ৮৩ Scanned with CamScanner