পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰুক্ষেত্ৰ দৈৱকী প্ৰমুখ্যে মহা মহিষী যতেক। তেসম্বে সহিত কৰিলন্ত অভিযেক। 800 || সিঞ্চিলন্ত শক্তি মন্ত্ৰ উচ্চৰি উৎসৱে। দশোদিশ পুৰিলেক বাদ্য ভণ্ড ৰৱে॥ দেৱ বাদ্য যতেক আকাশ ছানি বাজে॥৪০১॥ দৈৱকী প্ৰমুখ্যে যত পৰম সুন্দৰী। আছন্ত সমজ্যা ৰঞ্জি স্বামীক আৱৰি॥ দেৱাঙ্গ বসনে সৱে হুৱা বিভূষিত। কঙ্কণে কেয়ুৰ মহা হাৰ সালঙ্কৃত॥ ৪০২॥ কটি তটে কনক কিঙ্কিণী আতি জলে। ৰত্নৰ নুপূৰ জ্বলে চৰণ কমলে॥ কিৰীটি কুণ্ডল মুখ প্ৰকাশে সভাত। হেনয় পৰম ভাৰ্যা সমে সিবেলাত॥ ৪০৩॥ কৰন্ত প্ৰকাশে বসুদেৱ আতিশয়। তাৰাৰ মধ্যত যেন চন্দ্ৰৰ উদয়॥ ৭१ নাৰদ প্ৰমুখ্যে মহাপাত্ৰ যত মুনি। পিন্ধিলা পাচোব পাছে পাট পীত ভুনি॥৪08॥ গন্ধে পুষ্পে চন্দনে দেখন্তে মনোহৰ। জ্বলে ৰত্নময় অলঙ্কাৰ কলেবৰ॥ হুয়া মহা তুষ্ট যত আচাৰ্য ঋত্বিজ। প্ৰসন্ন বদনে উচ্চাৰন্ত মন্ত্ৰ বীজ॥ ৪০৫॥ কৰম্ভ প্ৰকাশ চন্দ্ৰসমান যজ্ঞত। বঢ়াইলা বহুত বসুদেৱৰ মহত।। যত স্বৰ্গবাসী পাতালৰ যত নাগ। উৎসৰ্গি নিলন্ত আসি আপোনাৰ ভাগ॥ ৪০৬॥ চাই আছে পৃথিৱীৰ যত ৰাজাচয়। যজ্ঞৰ মহিমা দেখি পৰম বিস্ময়॥ যিটো যজ্ঞ পুৰুষ কাৰণ জগতৰ। দ্ৰব্য কৰ্ম্ম মন্ত্ৰ ইটো তিনিৰো ঈশ্বৰ॥৪০৭॥ অগ্নিহোত্ৰ আদি কৰি যজ্ঞ অসংখ্যাত। যজিলন্ত বসুদেৱে তাহাঙ্ক সাক্ষাত॥ পূৰি মনোৰথ পাছে সৌৰি সৰ্বজান। যজ্ঞ সঙ্গ কৰিয়া দক্ষিণা দিলা দান॥ ৪০৮॥ Scanned with CamScanner