পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ উদ্ধৱ প্ৰমুখ্যে আছে যত যদুবীৰ। বসনে ভূষণে সৱে ভূষিল শৰীৰ॥৩৯২॥ তাসম্বাকে লগে লৈয়া পাছে কৃষ্ণৰাম। অধিষ্ঠিল আপুনি যজ্ঞত যত কাম।। ৰুক্মিণী প্ৰমুখ্যে কৃষ্ণ পত্নীগণ যত ভৈলা সালংকৃতা সৱে উৎসৱ মনত॥৩৯৩। সিটো মহোৎসৱক দেখিবে অনুৰাগ প্ৰৱেশিলা যজ্ঞশালা শিশু কৰি আগ॥ দৈৱকী প্ৰমুখ্যে বসুদেৱ পত্নী যত পিন্ধিলন্ত দিব্য ধৌত বস্ত্ৰ শৰীৰত॥৩৯৪॥ কুম্বুমে লেপিত তনু জ্বলে অলঙ্কাৰ কৰ্ণত কুণ্ডল ডোলে গলে হেমহাৰ॥ গাৱে গাৱে বস্ত্ৰ অৰিহণা ধৰি হস্তে। প্ৰৱেশিলা যজ্ঞশালা সুন্দৰী সমস্তে॥৩৯৫॥ স্বামীৰ সমীপ চাপি ৰহিল হৰিষে। বাৱে দেৱে দিব্য ঢাকি কুসুম বৰিষে॥ মৃদঙ্গ দুন্দুভি ভেৰী তবলৰ ৰোল ডিণ্ডিম দগড় দণ্ডি বীৰ ঢাক ঢোল॥৩৯৬॥ বজাৱে কৰ্ত্তাল তাল আনন্দে মৃদঙ্গ। নাচে নট নৰ্ত্তকী কৰিয়া অঙ্গ ভঙ্গ।। আতি মহা উঋসৱে চপয় পঢ়ে ভাট। বাৱে বিদ্যাধৰ অপেশ্বৰা কৰে নাট॥৩১৯৭॥ শৰীৰৰ লাৱণ্য দৰশৈ ভঙ্গি ভাৱে। সুস্বৰে গন্ধৰ্ব্বী সৱে স্বামী সঙ্গে গাৱে।। ৰুদ্ৰক বিলাস বীণা বেণুৰ সম্বাদ বাৱে মহা বিপঞ্চি পঞ্চম তুমি নাদ॥৩৯৮॥ই কোকিলৰ কণ্ঠ সম সুস্বৰ সঙ্গীত। শুনন্তে অমৃত স্ৰৱৈ মোহ হোৱে চিত॥ ভৈলা বসুদেৱ মৃগ চৰ্ম্মে সুসম্ভূত। কৰিলন্ত ঋষিসৱে যজ্ঞত দীক্ষিত॥৩৯৯॥ অভিনৱ নৱমী লেপিত অঙ্গচয়। অঞ্জনে ৰঞ্জিল তাৰ নয়ন দুতয়॥ কু ক ক্ষে ত্ৰ Scanned with CamScanner