পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুক ক্ষেত্ৰ আচৰন্তে আছো তপ পাছে মোক দেখি। অৰ্জ্জুনক বোলন্ত যায়োক প্ৰাণ সখি॥২২৯॥ কৈব কন্যা তপ ইটো কৰে কিকাৰণে। স্বৰূপ পুছিয়ো গৈয়া জিজ্ঞাসিও মনে॥ আসি তথা কথা মোত পুছিলা অৰ্জ্জুনে। নাহিকে তোহ্মাৰ সম নাৰী ত্ৰিভুবনে॥ ২৩০ || কৈয়ো কিৰা নাম তুমি দুহিতা কাহাৰ। প্ৰথম বয়স আতি তনু সুকুমাৰ॥ হেন তপ দুষ্কৰ কৰিয়া কিকাৰণে॥ আসিয়াছে কৃষ্ণ পুছো তাহাৰ বচনে॥ ২৩১॥ স্বামী আসিবাৰ শুনি ভৈলো হৰিষিত। বহয়ে লোতক আসি তনু ৰোমাঞ্চিত॥ বুলিলো বচন পাছে আনন্দতে কান্দি। ১ সূৰ্যৰ দুহিতা ম‍ই নামত কালিন্দী॥২৩২॥ হৈৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্চা কৰি। কৃষ্ণকেসে চিত্তো মই তপস্যা আচৰি॥ কহিলো স্বৰূপ মোব আন নাই মতি। অৰ্জ্জুনো কৃষ্ণত মোৰ কহিলা ভকতি॥২৩৩॥ সূৰ্যৰ দুহিতা এনে পৰমত ৰূপসী। কৰে তোমাকেসে তপ স্বামী অভিলাষি॥ পাইলা স্ত্ৰী ৰত্ন সখি কিবা চাহা আৰ। যুঁজতে বাণিজ যেন মিলিল তোহ্মাৰ॥২৩৪॥ শুনিয়া আনন্দে আসি প্ৰভু দামোদৰে। আশ্বসিয়া মোক নিলা পৰম সাদৰে॥ মিলিলা তথাত সূৰ্য কৰিয়া উৎসাহ। পৰম প্ৰাৰন্তে মোক দিলন্ত বিৱাহ॥ ২৩৫॥ বাইল দিব্য মৃদঙ্গ নাচিল অপেশ্বৰী। দিলা দাসী কৰি অসংখ্যাত বিদ্যাধৰী॥ দিব্য আভৰণ ৰত্মময় অলঙ্কাৰ। যতেক যৌতুক দিলা সীমা নাহি তাৰ ২৩৬॥ ধবিলা যোগান আসি চতুৰঙ্গে দোলে। আইলো দ্বাৰকাক স্বামী সমে সুমঙ্গলে॥ Scanned with CamScanner