পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ পৰম বিভৱ দেখি মাধৱৰ মিলিল মনে বিস্ময়॥৬৩॥ মানুষ নোহয় দৈৱকী তনয় জানিলো নিশ্চয় কৰি। সৃষ্টি স্থিতি অন্ত যি দেৱে কৰন্ত তেন্তে এন্তে মহাহৰি॥ ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত মোহিত যাৰ মায়াত। জগত নিস্তাৰ হেতু অৱতাৰ জানিলো ভৈলা সাক্ষাত॥ ৬৪॥ সেহি সময়ত সমস্তৰে ভৈল কৃষ্ণ ঈশ্বৰ বুদ্ধি আনন্দে যাদৱ বংশক প্ৰশংসা শ্ৰী কৰন্ত সৱে সম্বোধি॥ হে বসুদেৱ উগ্ৰসেন শুনাি যাদৱ বংশ সকল। জানিলো মনুষ্য মধ্যে তোৰাসৱে জন্মৰ ভৈল সাফল॥৬৫॥ জগতকে যিটো দেখে ব্ৰহ্মময় জ্ঞানীগণ মধ্যে খ্যাত। ঈশ্বৰ মূৰতি কৃষ্ণৰ নেদেখে চা ধ্যানত সিটো সাক্ষাত॥ হেন মাধৱক বান্ধৱ মানিয়া দুৰ্ল্লভ প্ৰভুক মুখ পদ্ম দেখা নিতে। গুণাগুণ একচিতে।৷৬৬॥ অপ্ৰয়াসে পাইলা যাৰ বাক্য বেদ পাদোদক গঙ্গা ত্ৰৈলোক্য পৱিত্ৰ কৰে। যাৰ বেদ দেব পাদোদক গঙ্গা ত্ৰৈলোক্য পৱিত্ৰ কৰে। যাৰ কীৰ্ত্তি যশ শ্ৰৱণ কীৰ্ত্তনে জগত আতি উদ্ধাৰে॥ কু ৰু ক্ষেত্ৰ Scanned with CamScanner