পৃষ্ঠা:কুলাচল বধ.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
কুলাচল-বধ৷

নুহিসিটো গোট ইটো মন্ত্ৰীসে তাহাৰ।
কেনে চমৎকাৰ দেখা মহত্ত দুৰ্ব্বাৰ॥
নেউলৰ জান আরু গোট শূকৰৰ।
দুই গোট জন্তু যেন পৰ্ব্বত মন্দৰ॥
অতি সত্যকালৰ যতেক পশুচয়।
বৃহত শৰীৰ সেহিমতে ৰহিচয়॥
দেখিয়ো অসুৰ কেনে বৃহত শৰীৰ।
অলঙ্কাৰে প্ৰকাশিত কৰ্ণ কৰ শিৰ॥
এহিকহি চাৰিবীৰে ওচৰ চাপিল।
অনন্তৰে কঞ্জৰাটে বচন বুলিল॥
কেনে তুমি সৱে হেন কৰ্ম্ম আচৰিলা।
অসংখ্য হাজাৰ সেন্য কিসক মৰিলা॥
কেনে হেন অন্যায় কৰাহা ইটো ঠাই।
কুলাচল ৰাজাক কিঞ্চিতো শঙ্কা নাই॥
অৰ্জ্জুনে বোলন্ত ভাল কহিলি কাৰণ৷
নৌউ শুন মহাৰাজা পাণ্ডুৰ নন্দন॥
তাহান সে ভ্ৰাতৃ আমি দেখ চাৰিজন।
সৱাহাতে বৰ এন্তে নাম ভীম সেন॥
মোৰ নাম ধনঞ্জয় চিনিবি নিশ্চয়৷
নকুল সহদেব দুয়ো বীৰতে অজয়॥