পৃষ্ঠা:কুলাচল বধ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
কুলাচল-বধ৷

আমৰাৰ দুঃখশ্ৰম কি কহিবে লাগে।
মহাকাল বাঘ দেখা ফুৰে আগে আগে॥
বৈশম্পায়ন বোলে পৰীক্ষিতৰ তনয়।
সহদেৱে কৈলা মহা ধৰ্ম্মৰ নিৰ্ণয়॥
তাক শুনি কুন্তীসুতে নিজমে ৰহিল।
সেহিকথা চাৰি পক্ষী মুনিত কহিল॥
অনন্তৰে দানৱে সমুহে রুলি দিল।
ধৰধৰ মাৰমাৰ বোলেক উঠিল॥
ৰাজাসমে চাৰি বীৰ দ্ৰোপদ জিয়াৰী।
চমকি ৰহিলা মনে একোৱে নাচৰি॥
অৰ্জ্জুনে বোলন্ত দদা কিবা চাহা আৰ।
মিলিল সমৰ ঘোৰ দানৱ দুৰ্ব্বাৰ॥
এহি বুলি আ বেথে উঠি ধনঞ্জয়।
ধৰিলা গাণ্ডীৱ ধনু ক্ৰোধে আতিশয়॥
দিব্যশৰ লৈয়া ধনু টঙ্কাৰ কৰিলা।
দানৱ গণৰ মহা চমক লাগিলা॥
দুইপৰ মানে বেলা বহিয়া গৈলেক।
ৰাজাক প্ৰণামি চাৰি বীৰে বজাইলেক॥
অনন্তৰে দেখিলেক দানৱ বহুত৷
অৰ্জ্জুনক মাতিয়া বোলন্ত বায়ুসুত॥