পৃষ্ঠা:কুলাচল বধ.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
কুলাচল-বধ।

দুই প্ৰহৰৰ পথ চলিয়া গৈলন্ত।
পুষ্প বাড়ী এড়াই জল নিকটে ৰৈলন্ত॥
নাম মন্ত্ৰ স্মৰি ৰাজা স্নান সন্ধ্যা কৰি।
কৰিলন্ত স্তুতিপাঠ মাধৱক স্মৰি॥
প্ৰণামো পুণ্ডৰীকাক্ষ লক্ষ্মীকান্ত হৰি।
অপাৰ সাগৰ তৰে যাৰ নাম স্মৰি॥
যিটো মহা পুৰুষ পবিত্ৰ যাৰ নাম।
ব্ৰহ্মাৰো নমস্য পদ যিটো পূৰ্ণকাম॥
তেহেন্তে ঈশ্বৰ দৈবকীত অৱতৰি।
নন্দঘৰে বাঢ়িলা গোপৰ বেশ ধৰি॥
হেন কৃষ্ণ হোক মোৰ হৃদয়ত থিত।
অবিৰতে নেকি তান পদে মোৰ চিত্ত॥
এহিমনে আনো নানা কৰি স্তুতি নতি।
তীৰ্থস্নান কৰিয়া উঠিলা মহামতি॥
পাছে চাৰি ভাই স্নান কৰি তীৰ্থ জলে।
বসিলন্ত গৈয়া এক তরুবৰ তলে।
বহয় শীতল বায়ু মন্দ মন্দ গতি।
পুষ্পৰ সুৰভি গন্ধে মন মোহে অতি॥
মধুমত্ত মধুকৰ উৎসবে গুঞ্জৰে।
কোকিলৰ কুহু কুহু নাদে মনোহৰে॥