পৃষ্ঠা:কুলাচল বধ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
কুলাচল-বধ ৷

থাকা সবে ঐত ইটো তীৰ্থ শ্ৰেষ্ঠতৰ।
আছে আত ঋষি মুনিগণ বহুতৰ॥
সাধু সঙ্গে হৈবে হৰি কথাৰ প্ৰসঙ্গ।
তাত দুঃখ দূৰ যায় নিলে মন ৰঙ্গ॥
কিন্তু এক বচন শুনিয়ো নৃপবৰ।
আছে অদূৰত এক দানৱ নগৰ॥
কুলাচল নাম সিটো অসুৰৰ ৰাজা।
ত্ৰিভূবনে অবধ্য সমৰে অতি তেজা॥
পাঞ্চ প্ৰহৰৰ পথ নগৰ তাহাৰ।
তাক তোৰাসব মাত্ৰ নযাইবাহা আৰ॥
দেবাসুৰ নৰ কেহো তাৰ সম নয়।
কোমল মনুষ্য পাইলে মাৰিয়া খাৱয়॥
আৰ পৰা হোৱে পথ নৱ প্ৰহৰৰ।
ইখানকো মাজে মাজে আসয় বৰ্ব্বৰ॥
কিন্তু আত বল কৰিবাক নপাৱয়।
আছে ঐত মহা মহা ঋষি সমস্তয়॥
এতেকেসে থাকিয়ো ইটো স্থানে মহাসুখে।
বনত ফুৰিযে কিক লাগে মহা দুঃখে॥
যুধিষ্ঠিৰে বোলে শুনা মুনি মহামতি।
ঘনঘোৰ তীৰে আমি কৰিছো বসতি॥