পৃষ্ঠা:কুলাচল বধ.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
কুলাচল-বধ ৷

মালা জাপ্য এড়ি;  শ্বেতকেতু মুনি;
 নিৰীক্ষি আছন্ত চাই।
নমো নাৰায়ণ,  ভকত তাৰণ;
 পূৰ্ণব্ৰহ্ম অবতাৰ।
হেন কৃষ্ণপাৱ, প্ৰণামি ৰচিলো,
 দুলড়ি ছন্দ পৱাৰ॥
জানি বৃদ্ধজন, ক্ষমিয়ো দোষণ,
 আমি নোহোঁ ধীৰমতি।
আত ন্যূনাধিক,  যত কিছু দোষ,
 ক্ষমিবে হোৱে যুগুতি॥
যেন মধুমাক্ষি, নানা ৰস আনি
 মধুস্ৰবে এক কৰি।
তাক কোন জনে  বাচিয়া আছয়
 পান কৰে যত্ন কৰি॥
ইটো কথা মধু  আমি মাক্ষি প্ৰায়
 পিয়ো আৰু কৰ্ণভৰি।
হৰি চৰণত  দিয়া এক মন
 যায়ো সংসাৰক তৰি॥
গালৰ সংবাদ  কুলাচলবধ
 নাহিক আৰ উপায়।